উইকিপিডিয়াৰ সৈতে এটা দশকৰ যাত্ৰাৰ পৰা ‘ৱিকি লাভছ ছিলট’লজি’লৈ: ছিলেটী ভাষাৰ বাবে এক নতুন পৰিসৰ সৃষ্টি

Translate this post

ছিলেটী ৱিকিপিডিয়াৰ যাত্ৰা আৰম্ভ হৈছিল এনে এটা ভাষাৰ বাবে ডিজিটেল জ্ঞানভাণ্ডাৰত স্থান সৃষ্টি কৰাৰ এক দীৰ্ঘম্যাদী প্ৰচেষ্টা হিচাপে, যিটো ভাষা অনলাইন জগতত দীৰ্ঘদিন ধৰি প্ৰায় অনুপস্থিত আছিল। অনলাইনত ভাষাটোক প্ৰথমবাৰৰ বাবে প্ৰস্তাৱ কৰাৰ এদশকৰো অধিক সময়ৰ পাছত, এই প্ৰকল্পটো এতিয়া অধিক বিস্তৃত এক উদ্যোগলৈ ৰূপান্তৰিত হৈছে—য’ত ভাষা সংৰক্ষণ, শিক্ষা, স্থানীয় ইতিহাস আৰু মুক্ত জ্ঞানচৰ্চাক কেন্দ্ৰ কৰি এক সম্প্ৰদায়ভিত্তিক আন্দোলন গঢ় লৈ উঠিছে।

২৫ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে ছিলেটী ৱিকিপিডিয়া আনুষ্ঠানিকভাৱে সকলোৰে বাবে মুকলি কৰা হয়। বহু লোকৰ বাবে ৱিকিপিডিয়াৰ নতুন এটা ভাষাৰ সংস্কৰণৰ যাত্ৰা আৰম্ভ হোৱাটো হয়তো এক প্ৰযুক্তিগত মাইলৰ খুঁটি—এখন নতুন ৱেবছাইট, এটা নতুন ভাষা কোড আৰু ক্ৰমবৰ্ধমান সংখ্যক প্ৰবন্ধ। কিন্তু ছিলেটী সম্প্ৰদায়ৰ বাবে এই মুহূৰ্তটোৰ তাৎপৰ্য আছিল বহু গভীৰ।

এয়া আছিল এদশকৰো অধিক সময় ধৰি চলি অহা এক যাত্ৰাৰ ঐতিহাসিক ক্ষণ। এই যাত্ৰাৰ আৰম্ভণিতে ৱিকিমিডিয়ানসকলে ছিলেটী ভাষাৰ বাবে এক ডিজিটেল জ্ঞানভিত্তিক মঞ্চ গঢ়ি তোলাৰ উদ্যোগ লৈছিল। ছিলেটী ৱিকিপিডিয়াৰ প্ৰস্তাৱটো ২০১৪ চনত উত্থাপন কৰা হৈছিল। বছৰ বছৰ ধৰি সম্প্ৰদায়টোৰ নিৰলস প্ৰচেষ্টাৰ পাছত, ১৪ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে ৱিকিমিডিয়া ফাউণ্ডেচনে প্ৰকল্পটোক অনুমোদন জনায়। ইয়াৰ কিছুদিন পাছতে ঐতিহ্যবাহী ছিলেটী নাগৰী লিপি ব্যৱহাৰ কৰি ৱিকিপিডিয়াটোৱে আনুষ্ঠানিকভাৱে যাত্ৰা আৰম্ভ কৰে।

বৰ্তমান ছিলেটী ৱিকিপিডিয়া ডিজিটেল জগতত ঐতিহাসিকভাৱে কম প্ৰতিনিধিত্ব লাভ কৰা ভাষাসমূহৰ ক্ষেত্ৰত ৱিকিমিডিয়া সম্প্ৰদায়ে কেনেদৰে কাম কৰিব পাৰে, সেই বৃহত্তৰ আলোচনাৰো এক অংশ হৈ পৰিছে।

বিশ্বকোষতকৈও অধিক কিবা এটা

বাংলাদেশ, ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত লাখ লাখ লোক ছিলেটী ভাষাত কথা কয়। তথাপি, দীৰ্ঘদিন ধৰি বিশ্বৰ ডিজিটেল জ্ঞানভাণ্ডাৰত এই ভাষাটোৰ উপস্থিতি আছিল অতি সীমিত। সেয়েহে, ছিলেটী ৱিকিপিডিয়া মুকলি কৰাটো কেৱল এটা ভাষালৈ জ্ঞান অনুবাদ কৰাৰ বিষয় নাছিল। ইয়াৰ লক্ষ্য আছিল ভাষাটোৰ নিজস্ব পৰিসৰত জ্ঞান সৃষ্টি, সংগঠিত আৰু আদান-প্ৰদান কৰাৰ এক শক্তিশালী ভেটি গঢ়ি তোলা।

এই প্ৰকল্পটোৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে পৰম্পৰাগত নাগৰী লিপিৰ ব্যৱহাৰ। ইয়াৰ জৰিয়তে প্ৰকল্পটোৱে কেৱল অনলাইন জগতত ছিলেটী ভাষাৰ উপস্থিতি নিশ্চিত কৰাই নহয়, বৰঞ্চ ভাষাটোৰ লিখিত সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ দৃশ্যমান কৰি ৰখাতো সহায় কৰিছে।

প্ৰথম বৰ্ষপূৰ্তিত প্ৰকল্পটোৰ সৈতে বাংলাদেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ অৱদানকাৰীসকল জড়িত হয় আৰু প্ৰবন্ধৰ সংখ্যা হাজাৰৰো অধিক হয়। সেয়েহে, এই বৰ্ষপূৰ্তি কেৱল এটা মাইলৰ খুঁটি উদ্‌যাপনৰ উপলক্ষ নাছিল; বৰঞ্চ ভৱিষ্যতে প্ৰকল্পটোক কেনেদৰে আৰু অধিক বিস্তৃত কৰিব পাৰি, সেই বিষয়ে চিন্তা-চৰ্চা কৰাৰো এক সুযোগ সৃষ্টি কৰিছিল।

প্ৰথম বৰ্ষপূৰ্তি উদ্‌যাপন আৰু ভৱিষ্যতৰ দিশে অগ্ৰযাত্ৰা

২৫ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে ছিলেটী ৱিকিমিডিয়ান, ভাষাপ্ৰেমী আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ছিলেটৰ আৰটিএম আল কবিৰ টেকনিকেল ইউনিভাৰ্চিটিত সমবেত হয় ছিলেটী ৱিকিপিডিয়াৰ প্ৰথম বৰ্ষপূৰ্তি উদ্‌যাপন কৰিবলৈ।

অনুষ্ঠানটোত প্ৰকল্পটোৰ সাফল্য, ভৱিষ্যৎ পৰিকল্পনা আৰু কোনো এটা অঞ্চলৰ স্থানীয় ভাষাত জ্ঞানভিত্তিক সমল সৃষ্টি কৰাৰ বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ লগতে, নতুন অৱদানকাৰীসকলক প্ৰবন্ধ লিখা আৰু সম্পাদনা কৰাৰ কামৰ সৈতে পৰিচয় কৰাই দিবলৈ এখন হাতে-কামে শিকাৰ কৰ্মশালাৰো আয়োজন কৰা হয়।

এই উদ্‌যাপনে সম্প্ৰদায়টোৰ বাবে ক্ৰমাৎ গুৰুত্বপূৰ্ণ হৈ উঠা এটা বাৰ্তাক অধিক দৃঢ় কৰি তুলিছে: ছিলেটী ৱিকিপিডিয়া কেৱল এখন অনলাইন বিশ্বকোষ নহয়। বহু অৱদানকাৰীৰ বাবে ই ডিজিটেল যুগত ছিলেটী ভাষা আৰু সংস্কৃতিৰ উপস্থিতি সংৰক্ষণ আৰু শক্তিশালী কৰাৰ এক অবিৰত প্ৰচেষ্টাৰ প্ৰতীক।

বৰ্ষপূৰ্তিৰ এই আয়োজনটোৱে সংখ্যালঘু ভাষাসমূহৰ ৱিকিমিডিয়া সম্প্ৰদায়ৰ ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ বাস্তৱতা দাঙি ধৰিছে। কোনো এটা ভাষাৰ ৱিকিপিডিয়া সংস্কৰণ গঢ়ি তোলাটো কেৱল কামৰ এটা অংশহে। ইয়াক বহনক্ষম কৰি তুলিবলৈ অৱদানকাৰী, অংশীদাৰিত্ব, শিক্ষামূলক কাৰ্যসূচী আৰু এনে এক পৰিসৰৰ প্ৰয়োজন, য’ত মানুহে পৰস্পৰৰ পৰা শিকিব পাৰে। এই প্ৰেক্ষাপটতে উইকি লাভছ ছিলট’লজি (Wiki Loves Sylotology) নামৰ এটা সম্পৰ্কিত উদ্যোগৰ ভেটি গঢ় লৈ উঠিবলৈ আৰম্ভ কৰে।

ৱিকিমিডিয়া মিটআপৰ পৰা শিক্ষামূলক আন্দোলনলৈ

উইকি লাভছ ছিলট’লজিৰ যাত্ৰা আৰম্ভ হয় ৯ এপ্ৰিল ২০২৫ তাৰিখে অনুষ্ঠিত এটা ছিলেট ৱিকিমিডিয়া সম্প্ৰদায়ৰ মিটআপৰ ঠিক পাছতেই। সেই আলোচনাত এই অঞ্চলত ৱিকিমিডিয়াৰ কাৰ্যকলাপ অধিক শক্তিশালী কৰা আৰু স্থানীয় শিক্ষানুষ্ঠানসমূহে কেনেদৰে মুক্ত জ্ঞান সৃষ্টি আৰু আদান-প্ৰদানৰ কামত জড়িত হ’ব পাৰে, সেই বিষয়ে আগ্ৰহী বিভিন্ন ব্যক্তি একত্ৰিত হয়।

এই ধাৰণাৰ পৰাই গঢ় লৈ উঠে ‘উইকি লাভছ ছিলট’লজি’ [Wiki Loves Sylotology] (Sylhetology)—ছিলেটৰ ভাষা, সংস্কৃতি, ইতিহাস, ভূগোল আৰু ঐতিহ্যৰ অনুসন্ধান আৰু নথিভুক্তকৰণৰ বাবে ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্প ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা এক শিক্ষামূলক আন্দোলন।

ছিলেটৰ Springfield School-ত এই উদ্যোগৰ শিক্ষামূলক কাৰ্যসূচী প্ৰথমে আৰম্ভ হয়। তাত অৱদানকাৰী, শিক্ষক আৰু গৱেষকসকলে বাংলা, ইংৰাজী আৰু ছিলেটী ৱিকিপিডিয়াৰ লগতে অন্যান্য ৱিকিমিডিয়া প্ৰকল্প ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলক নিজৰ অঞ্চলৰ বিষয়ে জ্ঞানচৰ্চাৰ সৈতে কেনেদৰে জড়িত কৰিব পাৰি, সেই বিষয়ে কাম কৰে।

উচ্চশিক্ষাত ছিলট’লজিৰ প্ৰয়োগ

১৫ আগষ্ট ২০২৬ তাৰিখে ছিলেটৰ আৰটিএম আল কবিৰ টেকনিকেল ইউনিভাৰ্চিটিত উইকি লাভছ ছিলট’লজিৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়।

দিনৰ ২ বজাৰ পৰা ৩ বজালৈ (BST) অনুষ্ঠিত এই কৰ্মশালাত ছিলেট-সম্পৰ্কীয় জ্ঞান নথিভুক্ত কৰা আৰু সকলোৰে মাজত বিলাই দিয়াৰ ক্ষেত্ৰত ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্প কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে আগ্ৰহীসকলৰ সৈতে আলোচনা কৰা হয়।

ছিলট’লজিষ্ট ড° মহম্মদ ৰহমানৰ সৈতে মই (আবু ছাঈদ) যুটীয়াভাৱে কৰ্মশালাখন পৰিচালনা কৰোঁ। কৰ্মশালাখনত ছিলেটৰ ভাষা, ইতিহাস, সমাজ আৰু সংস্কৃতিৰ অধ্যয়নৰ সৈতে মুক্ত জ্ঞানচৰ্চাৰ ব্যৱহাৰিক সম্ভাৱনাসমূহৰ সংযোগ স্থাপন কৰা হয়।

ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পত জ্ঞানৰ সংযোগ স্থাপন

উইকি লাভছ ছিলট’লজিৰ অন্যতম মূল ধাৰণা হৈছে—কোনো এটা অঞ্চলৰ বিষয়ে থকা জ্ঞানক কেৱল এটা মঞ্চৰ মাজতে সীমাবদ্ধ কৰি নৰখা।

উদাহৰণস্বৰূপে, ছিলেটৰ ইতিহাসৰ বিষয়ে এটা প্ৰবন্ধ ৱিকিপিডিয়াত সৃষ্টি কৰিব পাৰি। ব্যক্তি, স্থান আৰু প্ৰতিষ্ঠানৰ বিষয়ে গাঁথনিগত তথ্য ৱিকিডাটাত সংগঠিত কৰিব পাৰি। ঐতিহাসিক কিতাপ আৰু গ্ৰন্থসমূহ ৱিকিউৎসত সংৰক্ষণ কৰিব পাৰি। আনহাতে, ফটোগ্ৰাফ, অডিঅ’ ৰেকৰ্ডিং আৰু ভিডিঅ’ ৱিকিমিডিয়া কমন্সত ভাগ-বতৰা কৰিব পাৰি।

এই প্ৰকল্পসমূহে সমন্বিতভাৱে এটা সম্প্ৰদায়ৰ অধিক সমৃদ্ধ আৰু পৰস্পৰ-সংযুক্ত তথ্যভাণ্ডাৰ গঢ়ি তোলাত সহায় কৰিব পাৰে। ছিলেটৰ ক্ষেত্ৰত এই পদ্ধতিৰ বিশেষ সম্ভাৱনা আছে।

এই অঞ্চলটোত ইতিহাস, সংস্কৃতি আৰু ভাষা-সম্পৰ্কীয় বিপুল জ্ঞান আছে—যাৰ বহুখিনিয়েই এতিয়াও কিতাপ, মৌখিক ঐতিহ্য, ব্যক্তিগত সংগ্ৰহ আৰু স্থানীয় প্ৰতিষ্ঠানসমূহত বিচ্ছিন্নভাৱে সিঁচৰতি হৈ আছে। এই জ্ঞান অধিক সহজলভ্য কৰি তুলিবলৈ কেৱল ডিজিটাইজেচনেই যথেষ্ট নহয়; ইয়াৰ বাবে এনে লোকৰো প্ৰয়োজন, যিসকলে এই জ্ঞানৰ ওপৰত গৱেষণা, নথিভুক্তকৰণ আৰু প্ৰাসংগিক ব্যাখ্যাৰ কাম কৰিব পাৰে।

উইকি লাভছ ছিলট’লজিৰ লক্ষ্য হৈছে এই বিভিন্ন গোটসমূহক একত্ৰিত কৰা—ৱিকিমিডিয়ান, শিক্ষক, গৱেষক, শিক্ষাৰ্থী, স্থানীয় জ্ঞানৰ ধাৰক আৰু স্বেচ্ছাসেৱকসকলক।

মুৰাৰীচান্দ কলেজত সমাৱেশ

এই চলি থকা সম্প্ৰদায় গঢ়ি তোলাৰ প্ৰচেষ্টা ২৯ আগষ্ট ২০২৬ তাৰিখেও পৰিলক্ষিত হয়, যেতিয়া ছিলেটী ৱিকিমিডিয়ানসকল ছিলেটৰ মুৰাৰীচান্দ কলেজত একত্ৰিত হয়। এই মিটআপত পৰস্পৰ-সম্পৰ্কিত দুটা বিষয়ক গুৰুত্ব দিয়া হৈছিল—উইকি লাভছ ছিলট’লজি (Wiki Loves Sylotology) আৰু বাংলা ৱিকিসন্মিলন ২০২৬ক কেন্দ্ৰ কৰি পৰিকল্পনা আৰু সমন্বয় সাধন।

অংশগ্ৰহণকাৰীসকলে ছিলেটী অৱদানকাৰীসকলৰ মাজত সহযোগিতা কেনেদৰে অধিক শক্তিশালী কৰিব পাৰি আৰু এই অঞ্চলৰ ভাষা, সংস্কৃতি তথা ঐতিহ্য-সম্পৰ্কীয় জ্ঞান নথিভুক্ত আৰু আদান-প্ৰদান কৰিবলৈ ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্প কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে আলোচনা কৰে। ইয়াৰ লগতে, ৱিকিমিডিয়া আন্দোলনৰ মাজত ছিলট’লজিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু ভৱিষ্যতৰ বিভিন্ন সম্প্ৰদায়ভিত্তিক কাৰ্যসূচী আগুৱাই নিয়াও এই মিটআপৰ অন্যতম লক্ষ্য আছিল।

মুৰাৰীচান্দ কলেজ ছিলেটৰ ঐতিহাসিক শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ডিজিটেল জ্ঞানৰ ভৱিষ্যৎ সম্পৰ্কে আলোচনা কৰিবলৈ এই ঐতিহাসিক শিক্ষানুষ্ঠানখনত একত্ৰিত হোৱাৰ জৰিয়তে ছিলেটৰ শিক্ষাৰ ইতিহাসৰ সৈতে ডিজিটেল যুগৰ মুক্ত জ্ঞানচৰ্চাৰ সম্ভাৱনাৰ এক সংযোগ স্থাপন হয়। আলোচনাত বিভিন্ন প্ৰকল্পৰ লগতে একাধিক ভাষাৰো ব্যৱহাৰ দেখা যায়, যিয়ে এই সম্প্ৰদায়টোৰ বহুভাষিক চৰিত্ৰ প্ৰতিফলিত কৰে। ছিলেটৰ কাহিনী বিভিন্ন শ্ৰোতাৰ মাজলৈ লৈ যোৱাত ছিলেটী, বাংলা আৰু ইংৰাজী—এই তিনিওটা ভাষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

এটা ৱেবছাইটৰ পৰিসৰ অতিক্ৰম কৰি বিস্তাৰিত হোৱা এক আন্দোলন

ছিলেটী ৱিকিপিডিয়াৰ কাহিনী ক্ৰমাৎ এক বৃহত্তৰ ইক’ছিষ্টেমৰ কাহিনীলৈ ৰূপান্তৰিত হৈছে। কোনো এটা ভাষাত ৱিকিপিডিয়াৰ সংস্কৰণে সেই ভাষাত জ্ঞানচৰ্চাৰ বাবে এক নিজস্ব পৰিসৰ সৃষ্টি কৰিব পাৰে। কিন্তু মিটআপে অৱদানকাৰীসকলক একত্ৰিত কৰিব পাৰে। শিক্ষামূলক কাৰ্যসূচীয়ে নতুন প্ৰজন্মক ৱিকিমিডিয়াৰ সৈতে পৰিচয় কৰাই দিব পাৰে। অংশীদাৰিত্বই ঐতিহাসিক সমল সংৰক্ষণত সহায় কৰিব পাৰে। আনহাতে, বিভিন্ন প্ৰকল্পত সমন্বিতভাৱে কাম কৰাৰ জৰিয়তে লিখিত সমল, তথ্য, ছবি আৰু সাংস্কৃতিক নথিসমূহক পৰস্পৰৰ সৈতে সংযুক্ত কৰা সম্ভৱ।

২০১৪ চনত আৰম্ভ হোৱা এটা প্ৰস্তাৱৰ পৰা ২০২৬ চনত প্ৰথম বৰ্ষপূৰ্তি উদ্‌যাপন কৰা এটা ক্ৰমবৰ্ধমান সম্প্ৰদায়লৈ—ছিলেটী ৱিকিপিডিয়াৰ এই যাত্ৰাই দেখুৱাইছে যে দীৰ্ঘম্যাদী স্বেচ্ছাসেৱী প্ৰচেষ্টাই কিমান পৰিৱৰ্তন আনিব পাৰে। Wiki Loves Sylotologyৰ আত্মপ্ৰকাশে এই যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়টোক প্ৰতিফলিত কৰিছে। ই এক অধিক বিস্তৃত প্ৰশ্নৰ অৱতাৰণা কৰে: এটা ৱিকিমিডিয়া ভাষা সম্প্ৰদায়ে যেতিয়া কেৱল এখন বিশ্বকোষ গঢ়ি তোলাৰ পৰিসৰ অতিক্ৰম কৰি মুক্ত জ্ঞানক শিক্ষা, স্থানীয় ইতিহাস আৰু সাংস্কৃতিক অংশগ্ৰহণৰ সৈতে সংযুক্ত কৰিবলৈ আৰম্ভ কৰে, তেতিয়া কি ঘটে?

এই কাহিনী এতিয়া লিখা হৈ আছে প্ৰবন্ধ আৰু ডেটাছেটত, শ্ৰেণীকোঠা আৰু কৰ্মশালাত, আলোকচিত্ৰ আৰু ঐতিহাসিক নথিত, লগতে এনে লোকসকলৰ পাৰস্পৰিক আলোচনাত—যিসকলে বিশ্বাস কৰে যে তেওঁলোকৰ ভাষা আৰু সম্প্ৰদায়ৰ বিষয়ে থকা জ্ঞানৰো বিশ্বৰ উমৈহতীয়া ডিজিটেল কমন্সত এক যথোচিত স্থান থকা উচিত।

Can you help us translate this article?

In order for this article to reach as many people as possible we would like your help. Can you translate this article to get the message out?