বিদ্যালয়লৈ যোৱা স্থানীয় শিক্ষাৰ্থী সকলক তেঁওলোকৰ উপকাৰৰ বাবে ৱিকিপিডিয়া ব্যৱহাৰ কৰিবলৈ ৱিকিমিডিয়া বাংলাদেশৰ দ্বাৰা উৎসাহ প্ৰদান

Translate this post

চিত্তাগং আগ্ৰাবাদ চৰকাৰী ক’লনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কাৰ্যসূচীত ‘W’ প্ৰতীক প্ৰদৰ্শন কৰিছে। মতিউৰ ৰহমান অনিৰ দ্বাৰা তোলা এখন চিত্ৰ, CC-BY-SA 4.0ৰ অনুজ্ঞাপত্ৰৰ অধীনত ৱিকিমিডিয়া কমন্সত উপলব্ধ।

বাংলা ৱিকিপিডিয়াৰ দশম বৰ্ষপূতি অনুষ্ঠানৰ লিগেছীৰ অংশ হিচাপে, বেংগলী ৱিকিমিডিয়া সমাজ আৰু ৱিকিমিডিয়া বাংলাদেশ—এক স্থানীয় অনুচ্ছেদ—ৰ সহযোগত সমগ্ৰ দেশৰ বিদ্যালয়সমূহত ৱিকিপিডিয়া সজাগতা কাৰ্যসূচী পালন কৰা হয়।

ৰাজশাহ ক’লেজিয়েট স্কুলৰ যোগদানকাৰীসকল। নাহিদ চুলতানৰ দ্বাৰা তোলা চিত্ৰ, CC-BY-SA 4.0ৰ মুক্ত অনুজ্ঞাপত্ৰৰ অধীনত ৱিকিমিডিয়া কমন্সত উপলব্ধ।

সমগ্ৰ নটা কাৰ্যসূচীৰ ভিতৰত, ঢাকাত তিনিটা, চিত্তাগঙত চাৰিটা, পাটগ্ৰাম উপজিলাত এটা, ৰাজশাহীত এটা কাৰ্যসূচী অনুস্থিত হৈছিল। নৱমৰ পৰা দ্বাদশ পৰ্যায়ৰ গড়ে প্ৰায় সত্তৰজনকৈ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠান সমূহ ৰূপায়ন কৰাত, স্থানীয় ৱিকিপিডিয়ান, বিদ্যালয় শিক্ষক, সাংস্কৃতিক সংঘসমূহে সহায় কৰিছিল। কাৰ্যসূচীসমূহ, প্ৰথম আলোৰ দৰে বাতৰি কাকতকে ধৰি সমগ্ৰ দেশৰ প্ৰচাৰ মাধ্যমৰ দ্বাৰা প্ৰচাৰিত হৈছিল।[1]

পাটগ্ৰাম কাৰ্যসূচীৰ অংশগ্ৰহণকাৰীসকল। ছবিখন তুলিছে নাহিদ চুলতানে, ৱিকিমিডিয়া কমন্সত, CC-BY-SA 4.0ৰ মুক্ত অনুজ্ঞাপত্ৰৰ অধীনত উপলব্ধ।

কাৰ্যসূচী আৰম্ভ কৰাৰ আগতেই পূৰ্বজ্ঞান নিৰ্ণয়ৰ বাবে সমীক্ষা কৰা হৈছিল, দেখা গৈছিল যে অংশগ্ৰহণকাৰী সকলৰ প্ৰায় ৫০ শতাংশই ৱিকিপিডিয়ানো প্ৰকৃততে কি পূৰ্ৱতে জনা নাছিল, আৰু ২০ শতাংশই ইয়াক গুগলৰ ভগ্নী প্ৰকল্প বুলিহে ভাবিছিল, ১০ শতাংশই ইয়াক চৰকাৰে পৃষ্ঠপোষকতা কৰা বুলি ভাবিছিল আৰু মাত্ৰ দহ শতাংশইহে জানিছিল যে ই এখন অনলাইন বিশ্বকোষ, বাকী দহ শতাংশই কোনো প্ৰতিক্ৰিয়া দেখুওৱা নাছিল আৰু সংগতিহীন উত্তৰ দিছিল। ইয়াৰ পৰা কব পাৰিযে, ৱিকিপিডিয়া সকলোৱে সম্পাদনা কৰিব পাৰে বুলি অধিকাংশই নাজানিছিল বুলিলে আচৰিত হ’ব লগা একো নাই।

অনুষ্ঠানৰ পৰৱৰ্তী অংশত শিক্ষাৰ্থীসকলক ৱিকিপিডিয়া আৰু অন্যান্য ৱিকিমিডিয়া প্ৰকল্পসমূহৰ সম্পৰ্কে সম্যক ধাৰণা দিয়া হয়, যেনে: ৱিকিপিডিয়া কি আৰু ৱিকিমিডিয়া ফাউণ্ডেচনৰ ভূমিকা কি? ৱিকিমিডিয়া বাংলাদেশৰ স্বেচ্ছাসেৱক হিচাপে আমাৰ কি কামত আহে? ৱিকিপিডিয়া কি কাৰণে গুৰুত্বপূৰ্ণ? কেনেকৈ ৱিকিপিডিয়া আৰু অন্য সহপ্ৰকল্পবোৰ তেঁওলোকৰ লেখা-পঢ়াৰ লগত সম্পৰ্কীত? কেনেকৈ ৱিকিপিডিয়াৰ সর্বোচ্চ ব্যবহাৰ কৰা যায়? ইত্যাদি। অনুষ্ঠানৰ শেষত প্ৰত্যেক অংশগ্ৰহণকাৰীক মুক্ত জ্ঞানৰ কথা কবলৈ দি ৱিকিপিডিয়া বেজ, ষ্টিকাৰ, লিফলেট, কলম প্ৰদান কৰা হয়।

আগ্ৰাবাদ চৰকাৰী ক’লনি উচ্চ মাধ্যমিক বিদ্যালয় (বালিকা শাখা)ৰ অংশগ্ৰহণকাৰীসকল। ছবিখন মতিউৰ ৰহমান অনিৰ দ্বাৰা তোলা, ৱিকিমিডিয়া কমন্সত, CC-BY-SA 4.0ৰ মুক্ত অনুজ্ঞাপত্ৰৰ অধীনত উপলব্ধ।

এই কাৰ্যসূচীবোৰে শিক্ষাৰ্থীৰ পঢ়াৰ ৰাপ বৃদ্ধিত পোনপতীয়াকৈ সহায় কৰিছে—বাংলা ৱিকিপিডিয়াৰ এটা প্ৰধান সাফল্য, আমি বিশ্বাস কৰোঁ যে সম্পাদকৰ সংখ্যা বঢ়াবলৈ হলে পাঠকৰ সংখ্যা বঢ়াব লাগিব। সৰহ সংখ্যক বাংলা ৱিকিপিডিয়ান বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, কিন্তু বৰ্তমান শিক্ষাৰ্থী সমাজৰ সৰহ সংখ্যকেই ৱিকিপিডিয়া ব্যৱহাৰ নকৰে।

আমি ইতিমধ্যে এটা উল্লেখনীয় ফলাফল পাইছোঁ: ছহীদ পুলিছ স্মৃতি বিদ্যালয়ত ইতিমধ্যে এটা ৱিকিপিডিয়া সংঘ গঠিত হৈছে। ই এজন শিক্ষকৰ তৎপৰতাত গঠিত হৈছে আৰু বিভিন্ন পৰ্যায়ৰ অনেক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আশা কৰোঁ আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকল উপকৃত হ’ব আৰু নিজৰ উপকাৰৰ বাবে ৱিকিপিডিয়া ব্যৱহাৰ কৰিবলৈ শিকিব আৰু শিক্ষকসকলেও পৰৱৰ্তী সময়ত কাৰ্যসূচীসমূহ সফলতাৰে আগবঢ়াই নিব।

কমন্সত উপলব্ধ বিদ্যালয় কাৰ্যসূচীৰ ছবিসমূহ

নাহিদ চুলতানকমিউনিটি আউটৰিচ ডাইৰেক্টৰ,
ৱিকিমিডিয়া বাংলাদেশ

  1. অনুষ্ঠানসমূহ ছহীদ পুলিছ স্মৃতি বিদ্যালয়, মতিজহিল চৰকাৰী ল’ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়, আগ্ৰাবাদ চৰকাৰী ক’লনি উচ্চ মাধ্যমিক বিদ্যালয় (বালক আৰু বালিকা শাখা), চিত্তাগং ক’লেজিযেট স্কুল এণ্ড ক’লেজ, চৰকাৰী মুছলীম উচ্চ মাধ্যমিক বিদ্যালয়, চৰকাৰী বিজ্ঞান মহাবিদ্যালয় সংলগ্ন উচ্চ মাধ্যমিক বিদ্যালয়, আৰু ৰাজশাহী ক’লেজিয়েট স্কুলত অনুস্থিত হৈছিল। পাটগ্ৰামৰ কাৰ্যসূচী পাটগ্ৰাম উপজিলাৰ ৰংপুৰৰ মিনিচিউপালিটি কমিউনিটি চেণ্টাৰত হৈছিল। যোগদানকাৰী সকলক পাটগ্ৰামৰ ৱিকিপিডিয়ানে কুইজৰ দ্বাৰা নিৰ্বাচিত কৰিছিল। চূড়ান্ত কৰ্মশালাত ছটা ভিন্ন প্ৰতিষ্ঠানৰ মুঠ ১২০ জন শিক্ষাৰ্থীয়ে অংশ লৈছিল।

Can you help us translate this article?

In order for this article to reach as many people as possible we would like your help. Can you translate this article to get the message out?