অসমীয়া ৱিকিউদ্ধৃতি: এনেকৈয়ে এখোজ দুখোজ বহুখোজ


যাত্ৰাপথৰ আদিকথা

ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমলৰ নাতিদীৰ্ঘ তালিকাখনত নিজৰ নাম অন্তৰ্ভুক্ত কৰি অসমীয়া ৱিকিপিডিয়াই জন্মলাভ কৰিছিল ২০০২ চনৰ ২ জুনত। ২০১২ চনৰ অক্টোবৰ মাহলৈকে ১,৬০০টা প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট হয়গৈ। সেইদৰে দুটা দশকজুৰি মাথোঁ এমুঠিমান সদস্যৰ অহৰহ প্ৰচেষ্টাৰ বলত ২০২২ চনৰ ১৩ ফেব্ৰুৱাৰীত ৱিকিপিডিয়াই দহ হাজাৰ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰি এক নতুন মাইলৰ খুঁটিত উপনীত হয়। ইয়াৰে মাজতে ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসয়ো নিজাকৈ ড’মেইন লাভ কৰি কপিৰাইট উকলি যোৱা আৰু লেখকে স্বইচ্ছাৰে আগবঢ়োৱা অসমীয়া ভাষাৰ ন-পুৰণি গ্ৰন্থসমূহ সংৰক্ষণ কৰি আইৰ মুখৰ ভাষাটিক ডিজিটেল মাধ্যমত গজগজীয়াকৈ স্থাপন কৰাৰ বাট মুকলি কৰি দিয়ে। অসমীয়া ৱিকিপ্ৰকল্পসমূহত নিজৰ বহুমূলীয়া সময় দি ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে নীৰৱে, কোনো স্বীকৃতি বা পাৰিশ্ৰমিক অবিহনে কাম কৰি থকা স্বেচ্ছাসেৱকসকলৰ বাবে এয়া মুঠেই সহজ নাছিল। সেয়ে হ’লেও এই দুটা প্ৰকল্পৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছাসেৱকসকলে আন এক পদক্ষেপৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ লয়। এয়াই হৈছে Assamese Wikiquote বা অসমীয়া ৱিকিউদ্ধৃতি (https://as.wikiquote.org/)। ই হৈছে অসমীয়া ভাষাৰ বিভিন্ন উদ্ধৃতিৰ এক অনলাইন সংকলন। ইয়াত উদ্ধৃতি মানে অসমীয়া ভাষাত প্ৰচলিত বিভিন্ন যোজনা বা পটন্তৰ, ডাকৰ বচন, জতুৱা ঠাঁচ, সাঁথৰ, শ্লোগান, অসমকে ধৰি বিশ্বৰ প্ৰখ্যাত ব্যক্তিসকলৰ বাণী, তেওঁলোকৰ বিভিন্ন বক্তৃতা, লেখা আদিৰ পৰা সংগৃহীত উক্তি আদিক বুজোৱা হয়।

কাহিনীৰ আঁৰৰ কাহিনী

কেইগৰাকীমান স্বেচ্ছাসেৱকৰ এক অনানুষ্ঠানিক আলোচনাৰ মাধ্যেমেৰে হোৱা সিদ্ধান্তৰ পিছত অসমীয়া ৱিকিউদ্ধৃতিৰ নিজা ড’মেইনৰ বাবে ২০২১ চনৰ মধ্যভাগৰ পৰাই পূৰ্ণগতিত কাম চলি আছিল। স্বেচ্ছাসেৱকসকলে ৱেবছাইটৰ বেটুপাতৰ আৰ্হি, বিভিন্ন template বা সাঁচ আদিৰ লগতে বিভিন্ন উৎস যেনে, বাতৰি কাকত, প্ৰকাশিত গ্ৰন্থ, ৱেবছাইট আদিৰ পৰা উদ্ধৃতিসমূহ সংগ্ৰহ কৰি ইয়াত সন্নিৱিষ্ট কৰিছিল। বহুতো উদ্ধৃতি ইংৰাজী বা আন ভাষাৰ ৱিকিউদ্ধৃতিৰ পৰা অনুবাদ কৰা হৈছিল। উদ্ধৃতিসমূহৰ বিষয়বস্তুভিত্তিক শ্ৰেণীকৰণৰ ওপৰত দিয়া হৈছিল বিশেষ গুৰুত্ব। সেই সময়ত অসমীয়া ৱিকিউদ্ধৃতি আছিল ইনকিউবেটৰ বা টেষ্ট ৱিকি পৰ্যায়ত। অৰ্থাৎ, প্ৰকল্পটোত কিছু পৰিমাণে উদ্ধৃতি যোগ হৈ থাকিলেও সেয়া ৱিকিমিডিয়াৰ নীতি অনুসৰি নিজা ড’মেইন লাভৰ বাবে পৰ্যাপ্ত নাছিল। পৰৱৰ্তী সময়ত প্ৰকল্পটোত যথেষ্ট সমল হোৱাত ৱিকিমিডিয়া ফাউণ্ডেছনৰ লেংগুৱেজ কমিটীৰ ওচৰত অসমীয়া ৱিকিউদ্ধৃতিৰ সুকীয়া ড’মেইন বিচাৰি আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰা হয়। কিন্তু, প্ৰথমবাৰ কৰা আবেদন কমিটীয়ে গ্ৰহণ কৰাত অপাৰগ হয়। কাৰণ আছিল: তেতিয়ালৈকে সন্নিৱিষ্ট সমলসমূহৰ তাকৰীয়া সংখ্যা। এই কথালৈ লক্ষ্য ৰাখি সমল বৃদ্ধিৰ বাবে ২০২২ চনৰ জানুৱাৰীত গুৱাহাটীত হোৱা ৱিকিমিডিয়ানসকলৰ এক প্ৰীতিমেলৰ মাজতে অসমীয়া ৱিকিউদ্ধৃতিত কিদৰে বৰঙণি আগবঢ়াব পাৰি সেই বিষয়ে ৱিকিপিডিয়া তথা ৱিকিউৎসত কাম কৰি থকা স্বেচ্ছাসেৱকসকলৰ মাজত এক পৰিচিতিমূলক প্ৰশিক্ষণৰো আয়োজন কৰা হয়। ২০২২ চনৰ শেহৰ ফালে পুনৰবাৰ আবেদন দাখিল কৰা হয় আৰু এইবাৰ কমিটীয়ে উক্ত প্ৰস্তাৱটোক মান্যতা প্ৰদান কৰে। ইয়াৰ পিছতেই ২০২৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউদ্ধৃতিয়ে ইনকিউবেটৰ পৰ্যায়ৰ পৰা মুকলি হৈ পূৰ্নাংগ ৰূপত আত্মপ্ৰকাশ কৰে। তেতিয়াৰ পৰা সক্ৰিয় অসমীয়া ৱিকিপ্ৰকল্পৰ সংখ্যা মুঠ তিনিটালৈ বৃদ্ধি পায়।

এতিয়াও বহু বাকী দূৰণিৰ বাট

নিজা ড’মেইন লাভৰ পিছত অসমীয়া ৱিকিউদ্ধৃতিলৈ বৰঙণি আগবঢ়োৱাটো কাৰিকৰী দিশৰ পৰা আগৰ তুলনাত সহজ হৈ পৰিল। সেইমতে, সমলৰ সংখ্যা আৰু গুণগত মানো আগতকৈ বৃদ্ধি পালে। আজিৰ তাৰিখত (৩০-০৪-২০২৩) ৱিকিউদ্ধৃতিত মুঠ ৩০৭টা লেখা আছে। কিন্তু গোলকীয় প্ৰশাসকসকলক বাদ দি অসমীয়া সক্ৰিয় সদস্য আছে মুঠেই আঠগৰাকী। ইয়াৰ বিপৰীতে কৰিবলৈ বাকী থকা কামৰ পৰিমাণ বিশাল। বৰ্তমান ইয়াত সন্নিৱিষ্ট উদ্ধৃতিসমূহৰ মূলতঃ বানান শুধৰণি, শ্ৰেণীকৰণ, তথ্যসূত্ৰ সংযোগ আৰু ৱিকিসুলভ সজ্জা আদি কামসমূহ সুচাৰুৰূপে চলাই নিয়াটো স্বেচ্ছাসেৱকসকলৰ প্ৰাথমিক দায়িত্ব। ইয়াৰোপৰি প্ৰকল্পটোৰ পৰিসৰ বঢ়াবলৈ হ’লে নতুন লেখাৰ সংযোজনো অত্যাৱশ্যকীয়। স্পেমাৰৰ উপদ্ৰৱ বা ‘ধ্বংসকাৰ্য’ পূৰ্বৰ ৰূপলৈ ঘূৰাই আনিবলৈ নিয়মিত পৰিচৰ্যাও জৰুৰী। এই সমগ্ৰ কাম-কাজ কেৱল আঠগৰাকী লোকে নিয়মিয়াকৈ চোৱা-চিতা কৰিবলৈ যাওঁতে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। প্ৰশ্ন হয়, এই সমস্যাৰ সমাধান কি? ইয়াৰ সৰল উত্তৰ এয়াই হ’ব পাৰে যে ইয়াৰ বাবে আমাক অধিক স্বেচ্ছাসেৱক তথা কৰ্মোদ্যমৰ প্ৰয়োজন। তাকেই কৰিবলৈ আমি অধিক লোকক, আমাৰ নতুন চামক এই প্ৰকল্পৰ বিষয়ে জনোৱাৰ লগতে ইয়াত কাম কৰিবলৈ আগ্ৰহী কৰি তুলিব লাগিব। প্ৰাথমিক পৰ্যায়ত নিৰ্দিষ্ট সময়ৰ অন্তৰালত কৰা একোখন অনলাইন কৰ্মশালা আৰু সময়-সুবিধা মিলাই অফলাইন কৰ্মশালাৰ আয়োজন ইয়াৰ বাবে নিশ্চয়কৈ কাৰ্যকৰী হ’ব পাৰে। তদুপৰি, আমি প্ৰতিগৰাকী স্বেচ্ছাসেৱকে যদি মন বান্ধি লওঁ যে সপ্তাহটোত অসমীয়া ৱিকিউদ্ধৃতিত অন্ততঃ সাতটাকৈ হ’লেও সম্পাদনা কৰিম তেন্তে ইয়াৰ খৰতকীয়া অগ্ৰগতি নিশ্চিত বুলি আমি ডাঠি ক’ব পাৰোঁ।

ইতিকথা

ৱিকিপ্ৰকল্পসমূহৰ সম্পাদনাৰ দুৱাৰ সকলোৰে বাবে মুকলি। ই কোনো নিৰ্দিষ্ট সংখ্যাত্মক লক্ষ্য আগত ৰাখি কৰা কাম নহয়। ই এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া। বৰ্তমান সময়ত অসমীয়া ৱিকিপিডিয়াত লিখিবলগীয়া বিষয় আছে অগণন, ৱিকিউৎসত সন্নিৱিষ্ট কৰিবলগীয়া গ্ৰন্থও আছে অগণন। সেইদৰে ৱিকিউদ্ধৃতিত সন্নিৱিষ্ট কৰিবলগীয়া লেখাৰ সংখ্যাও গণিব নোৱাৰা। ৱিকিউদ্ধৃতিয়ে পূৰ্ণাংগ ৰূপ পোৱাৰ পিছত এতিয়া আমি অন্যান্য ৱিকিপ্ৰকল্প যেনে ৱিকিঅভিধান, ৱিকিগ্ৰন্থ, ৱিকিসংবাদ আদিলৈয়ো মন মেলিব পাৰোঁ। কিন্তু ইয়াৰ বাবে আমাক লাগিব আমাৰ মাতৃভাষাটোৰ প্ৰতি আন্তৰিক দায়িত্ববোধ, এক শক্তিশালী কৰ্মদল আৰু সাংগঠনিক কাৰ্যকৰিতা। ইয়াৰ লগতে আমি এই কথাত গুৰুত্ব দিব লাগিব যে খৰধৰকৈ অপৈণত বহু কাম কৰাতকৈ নিয়মিতভাৱে উন্নত মানৰ কাম কৰি কিদৰে অসমীয়া ৱিকিপ্ৰকল্পসমূহৰ গুণগত মান বজাই ৰাখিব পৰা যায়। বৰ্তমানৰ মাহেকীয়া ৱিকিসভাৰ দৰে নতুন কিছু পদক্ষেপে আমাৰ সাংগঠনিক কাৰ্যকৰিতা বঢ়োৱাত আৰু জ্ঞানৰ ভাগ-বটোৱাৰা বা knowledge sharing-ৰ ক্ষেত্ৰত বহুখিনি সুবিধা কৰি দিয়াৰ লগতে স্বেচ্ছাসেৱকসকলৰ মাজৰ যোগাযোগৰ ব্যৱধান (communication gap) পূৰ্বৰ তুলনাত কমাই আনিছে। আশাকৰোঁ আমি বৰ্তমানৰ পথেৰে হাতত হাত ধৰি আগুৱাই গৈ আমাৰ সুৱদি-সুৰীয়া অসমীয়া ভাষাটিক বিশ্ববাসীৰ সৈতে পৰিচিত কৰি দিয়াৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ হাততো শুদ্ধ ৰূপত অৰ্পণ কৰি থৈ যোৱাত বৰঙণি আগবঢ়াব পাৰিম।

~অসমীয়া ভাষা-সংস্কৃতি যুগজয়ী হওক।~

No comments

Comments are closed automatically after 21 days.